Psalms 72

চলোমনৰ ৰচিত গীত।

1হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা,
আৰু ৰাজকোঁৱৰক তোমাৰ ধাৰ্ম্মিকতা প্ৰদান কৰা।
2তেওঁ ধাৰ্ম্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব;
ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব।
3পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব;
পাহাৰবোৰেও ধার্মিকর্তা উৎপাদন কৰিব।

4তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব,

অভাৱগ্রস্ত সন্তানসকলক ৰক্ষা কৰিব;
কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব।
5সূৰ্য্য চন্দ্ৰ থাকেমানে, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব।

6ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়,

তেও তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়।
7তেওঁৰ সময়ত ধাৰ্ম্মিক জন জকমকাব;
যিমান দিনলৈ চন্দ্ৰ থাকিব তিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব।

8তেওঁলোকে এখন সমুদ্ৰৰ পৰা আনএখন সমুদ্ৰলৈকে ৰাজ্যশাসন কৰিব,

আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব।
9মৰুভূমিৰ নিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব;
আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব।
10তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব;
চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।

11এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব;

আৰু সকলো জাতিৰলোকসকল তেওঁৰ সেৱা কৰিব।
12কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব;
আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব।

13তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব;

দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব।
14অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব;
তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হব।

15ৰজাসকল জীয়াই থাকিব! আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব;

লোকসকলে নিতৌ তেওঁৰ প্ৰাৰ্থনা কৰিব,
ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীর্বাদ কৰিব।
16পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব;
সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব;
আৰু নগৰৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।

17ৰজাৰ নাম চিৰস্থায়ী হব;

সূৰ্য্য থাকেমানে তেওঁৰ নাম থাকিব;
লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব;
সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলি ক’ব।

18ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক;

যি জন কেৱল আচৰিত কৰ্ম্ম কৰোঁতা।
19তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক;
আৰু সমুদায় পৃথিবীত তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন।
যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত।
20

Copyright information for AsmULB